--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আৰক্ষীৰ তদন্তত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে । দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ ঘৰৰ ভিতৰৰ কেমেৰা বন্ধ থকা কাৰ্যই আৰক্ষীৰ সন্দেহ বৃদ্ধি কৰে।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজধানী চহৰ লক্ষ্ণৌত এক জঘন্য হত্যাকাণ্ডই সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।


নিজৰ অবৈধ প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবে ৩৬ বছৰীয়া বোৱাৰী ৰঞ্জনা বৰ্মাই নিজৰ ২১ বছৰীয়া প্ৰেমিক ৰাজন শৰ্মাৰ সৈতে মিলি ৬৯ বছৰীয়া শাহু নিৰ্মলা দেৱীক অতি নিষ্ঠুৰভাৱে হত্যা কৰে।



আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৃত নিৰ্মলা দেৱীৰ ঘৰত ভাড়াতিয়া হিচাপে থকা ৰাজন শৰ্মাৰ সৈতে বোৱাৰী ৰঞ্জনাৰ যোৱা চাৰি বছৰ ধৰি এক গোপন প্ৰেমৰ সম্পৰ্ক আছিল। শাহুৱেক নিৰ্মলা দেৱীয়ে এই অনৈতিক সম্পৰ্কৰ কথা গম পাইছিল আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰি আহিছিল। এই বিৰোধৰ বাবেই ৰঞ্জনাই শাহুৱেকক নিজৰ পথৰ পৰা আঁতৰাই দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰে।




শনিবাৰে দুপৰীয়া যেতিয়া ৰঞ্জনাৰ স্বামী ত্ৰিদেশ বৰ্মা কৰ্মস্থলীলৈ গৈছিল আৰু তেওঁৰ পুত্ৰ ডেলিভাৰীৰ কামত ব্যস্ত আছিল, সেই সুযোগতে এই হত্যাকাণ্ড সংঘটিত হয়। প্ৰথমে ঘৰৰ ভিতৰৰ চিচিটিভি কেমেৰাটো বন্ধ কৰি দিয়া হয়। ইয়াৰ পিছত ৰঞ্জনা আৰু প্ৰেমিক ৰাজনে বৃদ্ধা গৰাকীৰ হাত-ভৰি ৰছীৰে বান্ধি পেলায় আৰু ডিঙি চেপি তেওঁক হত্যা কৰে।


অপৰাধ লুকুৱাবলৈ ৰঞ্জনাই ঘৰত ডকাইতি হোৱা বুলি এটা মিছা নাটক ৰচনা কৰে। পুত্ৰ ঘৰলৈ অহাৰ পিছত ৰঞ্জনাই হাই-উৰুমি কৰি কান্দিবলৈ ধৰে যাতে কোনেও তেওঁক সন্দেহ নকৰে।


আৰক্ষীৰ তদন্ত আৰু ৰহস্যৰ উন্মোচন



আৰক্ষীৰ তদন্তত কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহে । দুপৰীয়া ২ বজাৰ পৰা ৪ বজালৈ ঘৰৰ ভিতৰৰ কেমেৰা বন্ধ থকা কাৰ্যই আৰক্ষীৰ সন্দেহ বৃদ্ধি কৰে। ফৰেনচিক দলৰ সৈতে অহা স্নিফাৰ ডগ পোনপটীয়াকৈ গৈ ভাড়াতিয়া তথা প্ৰেমিক ৰাজন শৰ্মাৰ ওচৰত ৰৈ দিছিল। আৰক্ষীৰ কঠোৰ সোধা-পোছাৰ অন্তত ৰাজনে স্বীকাৰ কৰে যে তেওঁ আৰু ৰঞ্জনাই মিলি শাহুৱেকক হত্যা কৰিছে।


বৰ্তমান আৰক্ষীয়ে হত্যাকাৰী বোৱাৰী আৰু তাইৰ প্ৰেমিকক ভাৰতীয় ন্যায় সংহিতাৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। মৃতকৰ পুত্ৰই নিজৰ পত্নীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ